ছুৰা আল-আহযাব, পবিত্ৰ কোৰআনৰ 33 নম্বৰ অধ্যায়, 73টি আয়াতসহ এটি মাদানী ছুৰা।
হে নবী! আপুনি আৰু আপোনাৰ লগত থকা মুমিনসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱাৰ ওপৰত প্ৰতিষ্ঠিত থাকক। একমাত্ৰ তেওঁকেই ভয় কৰক। কেতিয়াও কাফিৰ আৰু মুনাফিকসকলৰ চাহিদাৰ অনুসৰণ নকৰিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ চক্ৰান্ত সম্পৰ্কে আল্লাহ তাআলা সৰ্বজ্ঞ। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু…