ছুৰা আন-নূর

ছুৰা আন-নূর, পবিত্ৰ কোৰআনৰ 24 নম্বৰ অধ্যায়, 64টি আয়াতসহ এটি মাদানী ছুৰা।

এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।