ছুৰা আল-জুমুআ, পবিত্ৰ কোৰআনৰ 62 নম্বৰ অধ্যায়, 11টি আয়াতসহ এটি মাদানী ছুৰা।
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। তেৱেঁই একক সম্ৰাট, ৰাজত্ব কেৱল তেওঁৰ। তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি, চৰীয়ত প্ৰণয়ন আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।