ছুৰা আল-আনকাবুত

ছুৰা আল-আনকাবুত, পবিত্ৰ কোৰআনৰ 29 নম্বৰ অধ্যায়, 69টি আয়াতসহ এটি মক্কী ছুৰা।

মানুহে ভাৱিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে, অৰ্থাৎ সিহঁতৰ এই স্বীকৃতিৰ বাস্তৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব? সিহঁত প্ৰকৃততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱিছে।