ছুৰা আয-যুমার, পবিত্ৰ কোৰআনৰ 39 নম্বৰ অধ্যায়, 75টি আয়াতসহ এটি মক্কী ছুৰা।
কোৰআন অৱতীৰ্ণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। পৱিত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা এইখন অৱতীৰ্ণ হোৱা নাই।