ছুৰা আল-আরাফ, পবিত্ৰ কোৰআনৰ 7 নম্বৰ অধ্যায়, 206টি আয়াতসহ এটি মক্কী ছুৰা।
কোৰআন এখন পুথি, হে ৰাছুল! যিটো আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহব লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই পুথিখন এই কাৰণে অৱতীৰ্ণ কৰিছে যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰে, আৰু প্ৰমাণ সাব্যস্ত কৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল…