ছুৰা আল-হজ্জ

ছুৰা আল-হজ্জ, পবিত্ৰ কোৰআনৰ 22 নম্বৰ অধ্যায়, 78টি আয়াতসহ এটি মাদানী ছুৰা।

হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ ভূমিকম্প আৰু তাৰ লগত আহিবলগীয়া পৰিস্থিতিবোৰ বৰ ভয়ংকৰ। গতিকে ইয়াৰ প্ৰস্তুতিৰ বাবে আল্লাহক সন্তুষ্ট কৰিবলগীয়া আমল কৰাটো অত্যন্ত জৰুৰী।