ছুৰা আল-জিন

ছুৰা আল-জিন, পবিত্ৰ কোৰআনৰ 72 নম্বৰ অধ্যায়, 28টি আয়াতসহ এটি মক্কী ছুৰা।

হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছো যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য।