ছুৰা আল-হিজর, পবিত্ৰ কোৰআনৰ 15 নম্বৰ অধ্যায়, 99টি আয়াতসহ এটি মক্কী ছুৰা।
(আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্বপূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকুৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয়তি আদেশ নিষেধ বৰ্ণনা কৰে।