ছুৰা কাফ, পবিত্ৰ কোৰআনৰ 50 নম্বৰ অধ্যায়, 45টি আয়াতসহ এটি মক্কী ছুৰা।
ক্বাফ, এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনুল কাৰীমৰ শপত খাইছে, যিখন তথ্য সম্বলিত, কল্যাণ আৰু বৰকতেৰে পৰিপূৰ্ণ, সেইখন কোৰআনৰ শপত খাই আল্লাহে কৈছেঃ নিশ্চয় কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ’ব।