ছুৰা আল-আনআম

ছুৰা আল-আনআম, পবিত্ৰ কোৰআনৰ 6 নম্বৰ অধ্যায়, 165টি আয়াতসহ এটি মক্কী ছুৰা।

পূৰ্ণ সম্পুৰ্ণতা আৰু মুহাব্বতৰ সৈতে উচ্চ শ্ৰেণীৰ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে, লগতে দিন ৰাতি সৃষ্টি কৰিছে, উভয়ে আৱৰ্তনশীল। তেৱেঁই ৰাতিক অন্ধকাৰাচ্ছন্ন কৰিছে আৰু দিনক কৰিছে আলোকিত। ইয়াৰ পিছতো যিসকল কাফিৰ হৈ গৈছে, সিহঁতে আনক আল্লাহৰ…