ছুৰা আন-নিসা, পবিত্ৰ কোৰআনৰ 4 নম্বৰ অধ্যায়, 176টি আয়াতসহ এটি মাদানী ছুৰা।
হে মানৱজাতি! নিজ প্ৰতিপালকক ভয় কৰা। তেৱেঁই তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ ছালামৰ পৰা। আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ পত্নী আৰু তোমালোকৰ মাতৃ হাওৱা আলাইহাচ ছালামক। তাৰ পিছত তেওঁলোক দুজনৰ পৰা পৃথিৱীৰ বুকুত নৰ আৰু নাৰী হিচাপে মানৱজাতি বিস্তাৰ কৰিলে। এতেকে তোমালোকে সেই আল্লাহক ভয়…