ছুৰা হুদ

ছুৰা হুদ, পবিত্ৰ কোৰআনৰ 11 নম্বৰ অধ্যায়, 123টি আয়াতসহ এটি মক্কী ছুৰা।

(আলিফ-লাম-ৰা) এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। কোৰআন এনেকুৱা এখন কিতাপ যাৰ শব্দ বিন্যাস আৰু অৰ্থবোৰ সুদৃঢ়। তাত আপুনি কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাপাব। লগতে তাত হালাল আৰু হাৰাম, আদেশ আৰু নিষেধ, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী তথা পূৰ্বযুগৰ ঘটনাৱলী বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইখন এনেকুৱা…