ছুৰা আল-আলাক, পবিত্ৰ কোৰআনৰ 96 নম্বৰ অধ্যায়, 19টি আয়াতসহ এটি মক্কী ছুৰা।
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আপোনাৰ সেই প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক যিজনে সকলো সৃষ্টিকে সৃজন কৰিছে।