ছুৰা আত-তাগাবুন, পবিত্ৰ কোৰআনৰ 64 নম্বৰ অধ্যায়, 18টি আয়াতসহ এটি মাদানী ছুৰা।
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। ৰাজত্ব কেৱল তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো স্বত্বাধিকাৰী নাই। উত্তম প্ৰসংশাও কেৱল তেওঁৰেই। তেওঁ প্ৰত্যেক বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাস্ত কৰিব নোৱাৰে।