ছুৰা আয-যুখরুফ, পবিত্ৰ কোৰআনৰ 43 নম্বৰ অধ্যায়, 89টি আয়াতসহ এটি মক্কী ছুৰা।
নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।