ছুৰা আর-রাদ, পবিত্ৰ কোৰআনৰ 13 নম্বৰ অধ্যায়, 43টি আয়াতসহ এটি মাদানী ছুৰা।
(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ লগতে হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। আৰু এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।